নিউজ ডেস্কঃ
সীমান্তত আগ্রাসী চীন আৰু পাকিস্তানক নজৰত ৰাখিবলৈ নতুন পদক্ষেপ মোদি চৰকাৰৰ। এইবাৰ সম্পূর্ণ দেশীয় প্রযুক্তিত নিৰ্মিত অত্যাধুনিক ৮৩খন তেজস যুদ্ধবিমান লাভ কৰিবলৈ আগবাঢ়িছে ভাৰতীয় বায়ুসেনা।
নতুন যুদ্ধবিমানবোৰ কিনাৰ প্রস্তাৱত বুধবাৰে সন্মতি জনাইছে প্রতিৰক্ষা সংক্রান্ত কেবিনেট কমিটিয়ে। এই কমিটিৰ প্ৰধান হৈছে খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদি।
জানিব পৰা মতে, হিন্দুস্তান এৰোনটিকছ লিমিটেডৰ (হ্যাল) পৰা তেজস যুদ্ধ বিমান কিনিবলৈ আগবাঢ়িছে বায়ুসেনা। ইয়াৰ বাবে মুঠ ৪৮ হাজাৰ কোটি টকা চুক্তি চূড়ান্ত হৈছে। দেশীয় বজাৰত এইটোৱে সকলোতকৈ ডাঙৰ প্রতিৰক্ষা চুক্তি। এই চুক্তিৰ বাবে প্ৰাথমিকভবে ৫৬ হাজাৰ ৫০০ কোটি টকা দাবী কৰিছিল হ্যালে। প্রায় এবছৰ ধৰি বায়ুসেনাৰ সৈতে হ্যাল কর্তৃপক্ষৰ দৰদামৰ পিছত চূড়ান্ত হয় ৪৮ হাজাৰ কোটিত। ৮৩খন একক আসনৰ তেজস যুদ্ধবিমানৰ বাবে হ্যালে এই বিপুল পৰিমাণৰ ধন দাবী কৰাত প্রথমতে আপত্তি জনাইছিল প্রতিৰক্ষা মন্ত্ৰালয়ে। তাৰ পিছত দাম কমাবলৈ ৰাজী হয় হ্যাল। কেবিনেট কমিটিৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ২০২০ চনৰ মার্চ মাহত ডিফেন্স এক্সিকিউচন কাউন্সিলে এই প্রস্তাৱত সন্মতি জনায়।