নিউজ ডেস্কঃ
ভোগালী বিহুৰ দিনাই মৰিয়নীৰ নকছাৰীত সংঘটিত হৈছে এক হত্যাকাণ্ড; নকছাৰী দুই নং দৰকিয়াল ৰজাবাৰীৰ নিবাসী ধন মেছ নামৰ এটা পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল নিজ মাতৃ নিৰ্মলা মেছক; বিচৰা ধন নিদিয়া বাবেই মাতৃক এডাল লাঠীৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰে পুত্ৰই।
উল্লেখ্য যে, বিচৰা টকা নিদিলেই মাতৃৰ ওপৰত প্ৰায়ে শাৰীৰিক অত্যাচাৰ চলাই অভিযুক্ত ধন মেছে। কিন্তু বৃহস্পতিবাৰে সকলো সীমা অতিক্ৰম কৰি মাতৃক মৰিয়াই মৰিয়াই মাৰি পেলালে পাষাণ পুত্ৰই। মাতৃ হত্যাকাৰী ধন মেছক দেৱেৰাপাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে। ইফালে ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।