ডিফুঃ
ডকমকাৰ উদীয়মান যুৱক তথা কাৰ্বি ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিকসমিতিৰ সভাপতি চত্ৰছিং টেৰণ (৩০)ৰ যোৱানিশা আকস্মিকভাৱে মৃত্যু হয় ।
জানিব পৰা মতে যোৱানিশা পৰ্যন্ত সম্পূৰ্ণ সুস্থ অৱস্থাত থকা যুৱকজনে নিশা স্বাভাৱিকভাৱে আহাৰ গ্ৰহণ কৰি শুবলৈ যায় যদিও আজি পুৱা শুই থকা অৱস্থাতে পৰিয়ালৰ লোকে যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে, ডকমকাৰ কাটচেৰুই ৰংপি গাঁৱৰ দিবিন টেৰণ আৰু মানাই বে’পীৰ পুত্ৰ চত্ৰছিং টেৰণ নামৰ সৰবৰহী যুৱকজন সামাজিক কাম কাজত আগৰণুৱা হোৱাৰ লগতে মৃত্যুৰ সময়লৈকে কাৰ্বি ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিকৰ সভাপতি হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। যুৱকজনৰ এনে আকস্মিক মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।