নিউজ ডেস্কঃ
আমেৰিকা, ব্রিটেইনৰ সৈতে এইবাৰ ষষ্ঠ প্রজন্মৰ বিমানৰ কথা জনালে ৰাছিয়াই। ৰাছিয়াৰ দুই কোম্পানি মিগ আৰু সুখই একেলগে এই ষষ্ঠ প্রজন্মৰ বিমান নিৰ্মাণ কৰিব বুলি জনাইছে। এই বছৰৰ শেষৰ ফালে সুখইৰ পঞ্চম প্রজন্মৰ বিমান ৰাছিয়াক ডেলিভাৰি কৰিব বুলি জনাইছে তেওঁলোকে।
ডিৰেক্টৰ আনাতলি ছাৰদিয়াকোভে জনাইছে যে সকলো এতিয়া আলোচনাৰ মাজতেই আছে সুখই আৰু মিগৰ সৈতে। কিন্তু এই ক্ষেত্ৰত এতিয়াই কিবা কোৱাটো বহুত খৰধৰ হ’ব বুলি তেওঁ কয়।
উল্লেখযোগ্য যে ২০১৬ চনত ৰাছিয়াৰ প্রধানমন্ত্রী দিমিত্রি ৰোগোজিনে জনাইছিল যে ষষ্ঠ প্রজন্মৰ বিমানৰ ক্ষেত্ৰত প্রাথমিক পৰ্যায়ৰ আলোচনা চলিছে। ২০২৫ৰ ভিতৰত এই বিমান নিৰ্মাণ হৈ যাব।