নিউজ ডেস্কঃ
অতি মহামাৰীৰ সৈতে যেতিয়া ভাৰতে যুঁজ কৰি আছে ঠিক সেই সুযোগতে গোপনে অৰুণাচল প্রদেশৰ একেবাৰে ভিতৰত এখন গাঁও নিৰ্মাণ কৰি পেলাইছে চীনে। উপগ্রহ চিত্রত সেই গাঁও দেখা গৈছে। গাঁওখনৰ অৱস্থান সীমান্তৰ চাৰে চাৰি কিলোমিটাৰ ভিতৰত। আপাৰ সোৱণশিৰি জিলাত সাৰি ছু নামৰ এখন নদীৰ তীৰত এই গাঁওখন গঢ়ি উঠিছে।
গাঁওখনত আছে ১১০টা ঘৰ। ২০১৯ৰ ২৬ আগষ্টত তোলা যি উপগ্রহ চিত্র আছে তাৰ পৰা ওই অঞ্চলত কোনো ঘৰ দেখা যোৱা নাছিল। কিন্তু যোৱা বছৰ নৱেম্বৰত তোলা উপগ্রহৰ ছবিত শতাধিক ঘৰ দেখা গৈছে। আৰু তাৰ পৰাই স্পষ্ট যে যোৱা বছৰেই গাঁওখন গঢ়ি তোলা হৈছে।