নিউজ ডেস্কঃ
ভাৰতীয় বিমান বাহিনীত যি ৩গৰাকী মহিলা চালকে স্থান লাভ কৰিছিল, তেওঁলোকৰ ভিতৰত ভাবনা কান্তে প্রথম মহিলা ফাইটাৰ জেট চালক হিচাবে ভাৰতৰ গণতন্ত্র দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। ভাৰতীয় বিমান বাহিনীৰ বিশেষ ট্যাবলোৰ অংশ হিচাবে থাকিব তেওঁ। য’ত মূলত দাঙি ধৰা হ’ব মেক ইন ইণ্ডিয়াৰ আদর্শ।
ভাবনাই কয়, ‘‘সৰুৰে পৰা টেলিভিছনত গণতন্ত্র দিৱসৰ কুচকাৱাজ চোৱাটো মোৰ অভ্যাস। এতিয়া গর্বৰ বিষয় যে মই সেই কুচকাৱাজত অংশগ্ৰহণ কৰিব পাৰিছোঁ। ৰাফাল বা সুখইৰ দৰে ফাইটাৰ জেট চলাবলৈ দিলেও মই ভীষণ আনন্দিত হ’ম।’’
উল্লেখযোগ্য যে কুচকাৱাজত থাকিব এলচিএ তেজস, লাইট কমব্যাট হেলিকপ্টাৰ, ৰোহিনী ৰেডাৰ, আকাশ মিছাইল আৰু সুখই ৩০এমকেআই।