নিউজ ডেস্কঃ
ফুটপাথত শুই আছিল প্ৰব্ৰজিত শ্রমিকৰ এটা দল। পুৱতি নিশা নিয়ন্ত্রণহীন এখন ট্রাকে চেপাৰ ফলত মৃত্যু হ’ল তাৰে ১৫ জনৰ। গুজৰাটৰ ছুৰাটৰ পৰা প্রায় ৬০ কি:মি: দূৰৈৰ কোছাম্বা গাঁৱৰ ওচৰত মঙ্গলবাৰে এই দুর্ঘটনা সংঘটিত হয়। ট্রাকে মহতিয়াই নিয়াৰ পিছত ঘটনাস্থলীতেই মৃত্যু হয় ১২ জনৰ। গুৰুতৰভাবে আহত অৱস্থাত হস্পিটেললৈ নিয়াৰ পিছত বাকী তিনিজনৰ মৃত্যু হয়। জানিব পৰা মতে, আটাইকেইজনৰে ঘৰ ৰাজস্থানত। এই ঘটনাত দুখ প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে। মৃতকৰ পৰিয়ালৰ প্ৰত্যেককে ২ লাখ আৰু আহতসকলক ৫০,০০০ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।
ছুৰাটৰ এছপি ঊষা ৰাডাই জনোৱা মতে, পুৱতি নিশা কিমৰ পৰা মাণ্ডবীৰ দিশে গৈছিল ট্রাকখন। ওলোটা ফালৰ পৰা অহা এখন ট্ৰেক্টৰৰ ট্রলিত ৰখা কুঁহিয়াৰৰ আঁটিৰ সৈতে খুন্দা লগাত নিয়ন্ত্রণ হেৰুৱায় ট্রাকখনে। নিয়ন্ত্রণ হেৰুৱাই ৰাস্তাৰ পৰা আঁতৰি গৈ ফুটপাথত শুই থকা শ্রমিকসকলক মহতিয়াই নিয়ে ট্রাকখনে। ট্রাকৰ চালকক গ্রেপ্তাৰ কৰা বুলি জনায় ঊষা দেৱীয়ে।