নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ৬৪ জন। এই পৰ্যন্ত দেশত মুঠ আক্রান্ত ১ কোটি ৫ লক্ষ ৮১ হাজাৰ ৮৩৭ জন। মুঠ আক্রান্তত বিশ্বত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ২ কোটি ৪০ লক্ষ পাৰ কৰিছে। তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৮৫ লক্ষ ১১ হাজাৰ।
আনহাতে, কৰোনাৰ বাবে দেশত এতিয়ালৈকে ১ লক্ষ ৫২ হাজাৰ ৫৫৬ জনৰ মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত মৃত্যু ১৩৭ জনৰ। দেশত মুঠ মৃত্যুৰ এক তৃতীয়াংশই মহাৰাষ্ট্রত। ৰাজ্যখনত মুঠ মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। কর্নাটক আৰু তামিলনাডুত ১২ হাজাৰ পাৰ হৈছে। দিল্লীত চাৰে ১০ হাজাৰ।
ইফালে দেশত কোভিডৰ পৰা ১ কোটি ২ লক্ষ ২৮ হাজাৰ ৭৫৩ জন ইতিমধ্যে সুস্থ হৈছে। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ১৭ হাজাৰ ৪১১ জন। বৰ্তমান সক্রিয় ৰোগীৰ সংখ্যা ২ লক্ষ ৫২৮ জন। দেশত ২৪ ঘণ্টাত কৰোনা পৰীক্ষা হৈছে ৭ লক্ষ ৯৭ হাজাৰ ৭৯১ জনৰ। বিগত ২৪ ঘণ্টাত সংক্রমণ হাৰ ১.৪২ শতাংশ।