পশ্চিম কাৰ্বিআংলং :
সমগ্ৰ দেশৰ লগতে আজি পশ্চিম কাৰ্বিআংলঙতো দেশৰ ৭২ তম গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয় ।পশ্চিম কাৰ্বিআংলং জিলা প্ৰশাসনৰ উদ্যোগত জিলা সদৰ হামৰেনস্থিত ৰংহাং ৰংবং খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত চৈয়েদ স্ফাকুৰ ৰহমানে ।
উপায়ুক্ত গৰাকীয়ে পতাকা উত্তোলন কৰি অনুস্থানত উপস্থিত ৰাইজক প্ৰথম বাৰৰ বাবে কাৰ্বি ভাষাতে সম্বোধন কৰে । উপায়ুক্ত গৰাকীয়ে ভাষণত জিলাখনৰ প্ৰতিটো বিভাগৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ এক খাতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে অসম আৰক্ষী তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিবাদন গ্ৰহণ কৰে।
ইয়াৰ পিছতে দিৱসৰ লগত সঙ্গতি ৰাখি বিভিন্ন খেল-ধেমালী তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ।উল্লেখযোগ্য যে, উপায়ুক্ত গৰাকীৰ ভাষনৰ সময়চোৱাত এগৰাকী ছাত্ৰী খেল পথাৰতে ঢলি পৰে।লগে লগে ছাত্ৰী গৰাকীক চিকিৎসা ৰ ব্যবস্থা কৰা হয়।