নিউজ ডেস্কঃ
লালকিল্লাত উপস্থিত হ’ল কৃষকৰ সমদল। সংঘর্ষ, কন্দুৱা গেছ, লাঠি চার্জ, একোৰেই আৰক্ষীয়ে নিয়ন্ত্রণত আনিব নোৱাৰিলে প্রতিবাদী কৃষকক। তিনি সীমান্তত সকলো বেৰিকেড ভাঙি চুৰমাৰ হ’ল মঙ্গলবাৰৰ দিনটোত। আৰক্ষীৰ ঘোষিত পথেৰে নগ’ল হাজাৰ হাজাৰ ট্ৰেক্টৰ। পথ সলনি কৰি লালকিল্লাত গৈহে থমকিল প্ৰতিবাদী কৃষকসকল।
#WATCH | Farmers tractor rally reaches Red Fort in Delhi#FarmLaws #RepublicDay pic.twitter.com/9j1zb51vHn
— ANI (@ANI) January 26, 2021
#WATCH: A Delhi Police personnel rescued by protesters as one section of protesters attempted to assault him at ITO in central Delhi. #FarmLaws pic.twitter.com/uigSLyVAGy
— ANI (@ANI) January 26, 2021
https://twitter.com/i/status/1353974558122938368
আৰক্ষীৰ ঘোষণা আছিল, মঙ্গলবাৰে দিনৰ ১২টাত কৃষকসকলৰ সমদল নির্দিষ্ট তিনিটা পথেৰে গৈ পুনৰ আৰম্ভণি স্থানলৈ উভতি আহিব। কিন্তু বাস্তবত তাৰ ওলোটা ঘটিল। পুৱা ৮টাৰ পৰা লেকামহীনভাবে দিল্লীৰ দিল্লীৰ দিশে আগুৱাই থাকে সমদল। আৰক্ষীৰ বাধা কোনেও নামানিলে। ফলত তাকে লৈ উত্তপ্ত হয় দিল্লীৰ নয়ডা পথ, আইটিও পথ, এছবিটি এলেকা।
একাধিক ফুটেজত দেখা গৈছে, কৃষকসকলক ছত্রভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ এৰে, চলিছে লাঠিও। বিপৰীতে কৃষকসকলৰ হাতত দেখা যায় কৃপাণ। পুৱা ১০টাত নয়ডা পথত আছিল এই ছবি। আৰক্ষীয়ে লাঠিচার্জ কৰি পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰে যদিও তাত সফল নহয়।