নিউজ ডেস্কঃ
সোমবাৰে দুপৰীয়া যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত হঠাতে সৃষ্ট উখল-মাখল পৰিস্থিতিয়ে প্ৰত্যেকৰে দৃষ্টি আকৰ্ষণ কৰে। যোৰহাটৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জিয়ে কঁকাল ভাঙি বিহু নঁচাৰ সমান্তৰালকৈ নাচে কাৰ্যালয়ৰ অইন বিষয়া-কৰ্মচাৰী সকলেও। আচলতে, এই উছাহৰ সৈতে জড়িত হৈ আছে আগন্তুক নিৰ্বাচন প্ৰক্ৰিয়া । হয়, আপুনি ঠিকেই পঢ়িছে। ২৫ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে আগন্তুক নিৰ্বাচনত ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য যোৰহাটৰ নিৰ্বাচন বিভাগ তথা জিলা প্ৰশাসনে সোমবাৰে হাতত লয় এক বিশেষ পদক্ষেপ। যোৰহাটৰ বিভিন্নতা স্থানত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনৰ লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই এনে গীত-মাতৰ ব্যৱস্থা কৰা বুলি জনায় উপায়ুক্ত গৰাকীয়ে।
আনহাতে, আজিৰ দিনটোতেই মুকলি কৰা হৈছে ছে ইলেক্ট’ৰেল ফটো আইডেনটিটি কাৰ্ড চমুকৈ EPICৰ ডাউনলড প্ৰক্ৰিয়া। নতুন ভোটাৰসকলে তেওঁলোকৰ ফোন নাম্বাৰটো দিলে তাত এটা লিংক লাভ কৰিব আৰু তাৰ পৰাই ভোটাৰ কাৰ্ডখন ডাউনলড কৰি প্ৰিণ্ট কৰি ল’ব পাৰিব বুলি জানিবলৈ দিয়ে যোৰহাটৰ নিৰ্বাচনী বিষয়া দিনচেংফা বৰুৱাই।