নিউজ ডেস্কঃ
গণতন্ত্র দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলিক কেন্দ্ৰ কৰি দিল্লীত যি হিংসাৰ ঘটনা সংঘটিত হ’ল সেই সন্দৰ্ভত ১৫টি গোচৰ ৰুজু হ’ল। এই ঘটনাত আহত হৈছে ৮৬ জন আৰক্ষী। ৮খন বাছ আৰু ১৭খন ব্যক্তিগত গাড়ী ক্ষতিগ্রস্ত হোৱা বুলিও আৰক্ষীয়ে জনাইছে।
উল্লেখযোগ্য যে কৃষি আইন প্রত্যাহাৰৰ দাবীত নৱেম্বৰৰ শেষৰ পৰাই দিল্লী সীমান্তত আন্দোলন কৰি আহিছে হাজাৰ হাজাৰ কৃষকে। ইমান দিনে তেওঁলোকৰ আন্দোলন মুঠৰ ওপৰত শান্তিপূর্ণই আছিল। ৰাজধানীৰ কোন পথেৰে সমদল যাব তাক লৈও আৰক্ষীৰ সৈতে আলোচনা কৰিছিল কৃষক সংগঠনৰ নেতাসকলে। ট্ৰেক্টৰ লৈ লালকিল্লালৈ যোৱাৰ অভিপ্রায় নাই বুলি পূৰ্বতেই জনাইছিল নেতাসকলে। কিন্তু গণতন্ত্র দিৱসত ট্ৰেক্টৰ ৰেলি ৰাস্তাত নমাৰ লগে লগেই পৰিস্থিতিৰ সলনি হয়।