অজন্তা তালুকদাৰ,
বোকাখাতঃ
অসমৰ এমেচাৰ নাট জগতৰ এক মাইলৰ খুটি বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া ‘ৰূপজ্যোতি সংঘ’ৰ নিবেদনত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে দুখনকৈ নাট। যোৱা ২৬ জানুৱাৰীত বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হৈ যায় বিশিষ্ট নাট পৰিচালক জাহ্নু বৰবৰাই পৰিচালনা কৰিব লগীয়া নটসূৰ্য ফণী শৰ্মাৰ ‘ভোগজৰা’ নাটকৰ শুভ মহুৰৎ।
এই উদ্দেশ্যে অনুষ্ঠিত শুভমহুৰৎ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰবীন নাট্যকৰ্মী হৰিপ্ৰসাদ বৰঠাকুৰে আৰু নাৰিকল ভাঙি নাট মহুৰৎ সম্পন্ন কৰে পৰিচালক জাহ্নু বৰবৰাই। অনুষ্ঠিত হ’ব লগীয়া দুই নাটৰ আনখনৰ নাম পৰবৰ্তী সময়ত নিৰ্দ্ধাৰণ কৰা হ’ব বুলি ৰূপজ্যোতি সংঘৰ সম্পাদক অভিলাষ বৰবৰাই জানিবলৈ দিছে।
অভিলাষ বৰবৰাই আঁত ধৰা অনুষ্ঠানত ৰূপজ্যোতি সংঘৰ সভাপতি বিপুল শইকীয়া, ৰূপজ্যোতিৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকদ্বয় ক্ৰমে জিতু শৰ্মা ৰাজখোৱা আৰু বিমান বৰুৱা, ৰূপজ্যোতিৰ কাৰ্যকৰী সভাপতি অনন্ত হাজৰিকা, ৰূপজ্যোতিৰ উদ্যোগত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা নাট্য কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলৰ লগতে দুয়োটি উদ্যোক্তা সংগঠনৰ ভালে সংখ্যক বিষয় ববীয়া, সদস্য উপস্থিত থাকে।