নিউজ ডেস্কঃ
শিৱসাগৰৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত বাকচু পাইপ লাইনৰ সমীপত কটকী কোঁচ গাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড; জগন্নাথ গায়ন নামে এক ব্যক্তিয়ে দিন-দুপৰতে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। মহিলাগৰাকী নিজ বাসগৃহৰ পৰা বাকচুৰ এজন জ্যোতিষীক মংগল চোৱাবলৈ যাওঁতেই ১০-১৫ মিনিট পিছতেই মহিলা গৰাকী উভতি যোৱাৰ সময়ত এই জঘন্য কাণ্ড সংঘটিত কৰে জগন্নাথে। কিন্তু, মহিলা গৰাকী কথমপি ৰক্ষা কৰে।
ইতিমধ্যে মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত জগন্নাথ গায়নক স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। অভিযুক্ত যুৱকজনেও স্বীকাৰ কৰিছে মহিলা গৰাকীক নিৰ্যাতন চলোৱাৰ কথা৷ দিন দুপৰতেই এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰা মানৱৰ ৰূপী দানৱক স্থানীয় আৰক্ষীয়ে কেনেধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত হ’ব লক্ষণীয়।