নিউজ ডেস্কঃ
নিৰ্বাচনৰ দিন কাষ চপাৰ লগতেই ন-ন কাৰ্যসূচীৰে আৰম্ভ হৈছে কোঁচকাৱাজ। এইবাৰ শাসকীয় দল বিজেপিৰ যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব সেইখনত ৰাইজৰ মতামত থকাৰ সমান্তৰালকৈ এইবাৰ সমষ্টিয়ে সমষ্টিয়ে এখন দৃশ্য-শ্ৰব্য বাহন ঘূৰিব।
বুধবাৰে এই বাহনৰ ষ্টিয়েৰিঙত বহি উদ্ধোধন কৰিলে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালও। বিজেপিৰ মিত্ৰজোঁট চৰকাৰে কৰা এক কামৰ খতিয়ানৰ এখন সৰু ডকুমেন্টৰী অহৰহ চলি থাকিব এই বাহনসমূহত। ৪৮ খন ভিডিঅ’ ৰথ ইতিমধ্যে বিভিন্ন সমষ্টিলৈ ৰাওঁনা হ’বলৈ সাজু হৈ উঠিছে। উক্ত নিৰ্বাচনী ইস্তাহাৰত ৰাইজে যদি নিজাববীয়াকৈ মতামত জনাব বিচাৰে তাৰ বাবে এটা বিশেষ নম্বৰ 73832-73832 ত মিছকল দিয়াৰ লগে লগে মিছকল দিয়োতাজনৰ সৈতে যোগাযোগ কৰিব দলে।
অইনতকৈ কিছু ব্যতিক্ৰমী পন্থাৰে আগবাঢ়িছে অসম প্ৰদেশ বিজেপিয়ে। নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বেই ন-ন কৌশলেৰে হওঁক অথবা সাংগঠনিক দিশতেই হওঁক তৎপৰতা বৃদ্ধি হোৱা দেখা পোৱা গৈছে।