নগাঁও:
বৈদিক ধৰ্মীয় ৰীতি- পৰম্পৰাৰে আজি ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজা অনুষ্ঠিত হোৱাৰ মাজতে মধ্য অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ত এক ব্যতিক্রমী ৰূপত দেৱী সৰস্বতীৰ পূজা অনুষ্ঠিত হয়। বৈদিক ৰীতি-নীতিৰে দেৱী সৰস্বতীক পূজা অৰ্চনা কৰাৰ সমান্তৰালকৈ মহাবিদ্যালয়খনত আয়োজন কৰা হয় বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক ব্যতিক্রমী অনুষ্ঠান ।সৰস্বতী পূজা উপলক্ষে আজি নগাঁও মহাবিদ্যালয়ত এক বিশেষ গ্ৰন্থ প্ৰদৰ্শনীৰ লগতে প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা, মণ্ডপ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ।
নগাঁও মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত সংৰক্ষণ কৰি ৰখা কেইবাখনো আপুৰুগীয়া গ্ৰন্থৰ লগতে বিশ্বৰ বিভিন্ন প্রান্তৰৰ ভালেকেইগৰাকী প্ৰখ্যাত লিখকৰ কিছু সংখ্যক মূল্যবান গ্ৰন্থ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয় । ইয়াৰ উপৰি নগাঁও মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীয়ে ৰচনা কৰা আৰু নগাঁও মহাবিদ্যালয়ে প্ৰকাশ কৰি উলিওৱা ভালেকেইখন গ্ৰন্থও প্ৰদৰ্শন কৰা হয় । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট কবি পৰাণ কুমাৰ বৰুৱাই গ্ৰন্থ প্ৰদৰ্শনীখন মুকলি কৰি কয় যে গ্ৰন্থত সময়ৰ ঐতিহ্য আৰু ইতিহাস লিপিবদ্ধ হৈ থাকে । সেয়ে গ্ৰন্থৰ আদৰ কেতিয়াও নকমে। তেওঁ নগাঁও মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লয় । ইপিনে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ মাজত এক প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
এই প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ ১৮ টা বিভাগ আৰু এটি ছাত্ৰী নিবাসৰ শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰা মুঠ ১৯ খন প্ৰাচীৰ পত্ৰিকা প্ৰদৰ্শন কৰা হয়। শৈক্ষিক, সামাজিক , কৃষ্টি-সংস্কৃতি, বিজ্ঞান, ব্যক্তিত্ব, ইতিহাস আদিকে ধৰি বিভিন্ন বিষয়ক আলোকপাত কৰি উপস্থাপন কৰা প্ৰাচীৰ পত্ৰিকা কেইখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগে প্ৰথম স্হান ,ৰাসায়ন বিজ্ঞান বিভাগ দ্বিতীয় স্হান দখল কৰাৰ লগতে বাণিজ্য বিভাগ আৰু শ্বহীদ প্ৰভাত পাটৰ ছাত্ৰী নিবাসৰ শিক্ষাৰ্থীসকলে তৃতীয় স্থান অধিকাৰ কৰে। প্ৰতিযোগিতাত সাংবাদিক জিতেন বৰকটকী বিচাৰক হিচাপে উপস্থিত থাকে। আনহাতে মণ্ডপ সজোৱা প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ ছাত্ৰী মিহিকা মজুমদাৰে প্ৰথম স্হান দখল কৰাৰ লগতে দেৱী সৰস্বতীৰ চিত্ৰ অংকনেৰে জাহানুল হক হাজৰিকা নামৰ ছাত্ৰজনে দ্বিতীয় স্হান লাভ কৰে।
ইপিনে বছৰৰ শ্ৰেষ্ঠ পঢ়ূৱৈৰ বঁটা লাভ কৰে ক্ৰমে মহাবিদ্যালয়খনৰ ছাত্ৰী তুলিকা নাথ আৰু তুলসী তিচপিয়ে। আনহাতে সৰস্বতী পূজাৰ দিনটোত বাগদেৱী বন্দনাৰ সমান্তৰালকৈ ছাত্ৰী-ছাত্ৰী সকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি গ্ৰন্থ প্ৰদৰ্শনী, প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা, মণ্ডপ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে জানিবলৈ দিয়ে ।