ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৪ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৩০৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৫৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৬১৫ গৰাকী ব্যক্তি।উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ ১০৮৯জনৰ মৃত্যু হৈছে।