নগাঁওঃ
চহৰৰ ইটাচালি তিলক ডেকা পথত স্হিত গ্ৰাম্য উন্নয়ণ আৰু স্ব নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ‘ৰোডচেটি’ৰ আজি অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।
এই উপলক্ষে আজি বিয়লি কানাড়া বেংকৰ নগাঁও শাখাৰ জ্যেষ্ঠ প্ৰৱন্ধক তথা প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক সঞ্চালক ধৰ্মানন্দ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰোডচেটি’ৰ নগাঁৱৰ সঞ্চালক প্ৰণৱ কুমাৰ শৰ্মা, নগাঁও মহকুমা পশুপালন বিষয়া ৰাম নাৰায়ণ বৰুৱা, সমাজকল্যান বিভাগৰ মুখ্য সেৱিকা উপমা বৰুৱা, সাংবাদিক জিতেন বৰকটকী, আকাশবাণী নগাঁও কেন্দ্ৰৰ কিৰণ নাথ,উদ্যোগী যুৱক সিদ্ধাৰ্থ শংকৰ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে ।
আনহাতে ২৭ গৰাকী মহিলা প্ৰশিক্ষাৰ্থী উপস্থিত থকা সভাখনত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকল উপকৃত হোৱাত সভাত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি সকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াৰ দ্বাৰা কৃষি, উদ্যোগ,পশুপালন আদি ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকল আত্মনিৰ্ভৰ হব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ প্ৰশিক্ষক দেৱজিৎ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ দ্বাৰা প্ৰশিক্ষিত তিনিগৰাকী প্ৰতিষ্ঠিত উদ্যোগী ক্ৰমে প্ৰভাত শইকীয়া, জুলহাস সিং আৰু আনজাৰ হুছেইনক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰশিক্ষক শ্ৰুতিমালা শৰ্মাই সহযোগিতা আগবঢ়োৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই সঞ্চালক প্ৰণৱ কুমাৰ শৰ্মাই।
উল্লেখ্য , ২০১৩ বৰ্ষত নগাঁও চহৰত স্হাপন হোৱা গ্ৰাম্য উন্নয়ণ আৰু স্ব নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জৰিয়তে ইতিমধ্যে ৫০৪১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ সমাপ্ত কৰি বিভিন্ন ক্ষেত্রত আত্মনির্ভৰশীল হৈ পৰা বুলি জ্যেষ্ঠ প্ৰশিক্ষক দেৱজিৎ শৰ্মাই জানিবলৈ দিয়ে ।