নিউজ ডেস্কঃ
নগাঁৱৰ পলাশনীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। নিজ কৰ্মস্থলী ৰূপহীহাটৰ পৰা নগাওঁ চহৰৰ অভিমুখে আহি থকা অৱস্থাতেই পলাশনীত এখন মটৰচাইকেলত অহা দুই দূৰ্বৃত্তই যুৱকজনক গুলীচালনা কৰে।
পেটত গুলী লাগে যুৱকজনৰ; গুলীবিদ্ধ এই যুৱকজনৰ হাতত থকা ধন লুটিবলৈ দূবৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰি ইতিমধ্যে নগাওঁ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এটা কোম্পানীত কৰ্মৰত এই যুৱকজন বৰ্তমান নগাওঁ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।