নিউজ ডেস্কঃ
কৰোনা ভাইৰাছ অতিমাৰিৰ ফলত আমেৰিকাৰ মুঠ মৃত্যু ৫ লাখ অতিক্ৰম কৰিলে। যিটো বিশ্বৰ ভিতৰত সর্বোচ্চ। এই মাইলফলকক ‘ভয়াৱহ’ আৰু ‘হৃদয়বিদাৰক’ আখ্যা দিছে আমেৰিকাৰ নৱনির্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনে। মঙ্গলবাৰে হোৱাইট হাউছত দিয়া এক বিবৃতিত তেওঁ কয়, ‘জাতি হিচাবে আমি এই নিষ্ঠুৰ ভাগ্যক মানি ল’ব পৰা নাই। অতিমাৰিৰ বিৰুদ্ধে দীর্ঘদিন ধৰি যুঁজিছো আমি। সেয়ে দুখ যাতে পুনৰাই নাহে তাৰ বাবে আমি অধিক যুঁজিব লাগিব৷’
আনহাতে, কোভিডত এই বিপুল সংখ্যক মৃতকৰ প্রতি শ্রদ্ধা জনাই মমবাতি প্ৰজ্জ্বলন কৰা হয় হোৱাইট হাউছত। বাইডেনৰ এই বক্তব্যৰ পিছতেই ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু তাত উপস্থিত থকা অন্যান্যসকলে মৌন প্ৰাৰ্থনা কৰে। শোক পালনক উদ্দেশ্যে আগন্তুক পাঁচদিন আমেৰিকাৰ বিভিন্ন চৰকাৰী প্রতিষ্ঠানত পতাকা অর্ধনমিত ৰখাৰ নির্দেশ দিছে বাইডেনে।
উল্লেখ্য, কোভিডত মুঠ আক্রান্ত আৰু মৃত্যুৰ হিচাবত বিশ্বৰ সকলো দেশক পিছ পেলাইছে আমেৰিকাই। এই পৰ্যন্ত দেশখনত আক্রান্ত হৈছে ২ কোটি ৮১ লাখৰো অধিক লোক।