ডিফুঃ
আজি পুৱাৰ ভাগতে কাৰবি আংলং জিলাৰ মাঞ্জাত সংঘটিত হৈছে এক পথ দূৰ্ঘটনা ৷ ডিফু -মাঞ্জা পথৰ বুদ্ধিষ্ট টেমপুলৰ ওচৰত সংঘটিত হৈছে এই দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জাৰ পৰা ডিফুলৈ গৈ থকা AS01EP 4456 নম্বৰৰ বলেৰ’ৰ সৈতে বিপৰীত দিশৰ পৰা মাঞ্জা অভিমুখে আহি থকা AS01MA 3491 পালচাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত হয়, ফলত মটৰ চাইকেল চালক বোকাজানৰ কিশোৰ বাছফৰৰ পুত্ৰ ৰাজা বাছফৰ (২২) গুৰুতৰ বাবে জখম প্ৰাপ্ত হয় ৷
আনহাতে মটৰ চাইকেল আন দুজন আৰোহী সামান্য পৰিমানে জখম প্ৰাপ্ত হয় ৷ ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দূৰ্ঘটনাটোত মূৰত আঘাত পোৱা ৰাজা বাছফৰক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ৷