অজন্তা তালুকদাৰ,
বোকাখাতঃ
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ গোলাঘাট জিলাৰ উদ্যোগত জিলা ভিত্তিত আয়োজিত টেলেন্ট চাৰ্চৰ মুকাভিনয় প্ৰতিযোগিতাত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফিলিপ মুণ্ডাই তৃতীয় স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ সুনাম অৰ্জন কৰিছে। যোৱা ২৫ ফেব্ৰুৱাৰীত ফিলিপক বিদ্যালয় খনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়। উল্লেখ্য যে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত একক আৰু মুকাভিনয় কৰ্মশালা আয়োজনৰ লগতে জিলা ভিত্তিক প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিছে।
আনহাতে সমগ্ৰ শিক্ষা, অসমৰ পৃষ্ঠ পোষকতাত গোলাঘাট পশ্চিম শিক্ষা খণ্ড বোকাখাতৰ উদ্যোগত ৰৌদুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আয়োজিত ৰাইজৰ উৎসৱৰ ৰচনা প্ৰতিযোগিতাত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰম্ভা তাঁতীয়ে প্ৰথম স্থান আৰু চিত্ৰাংকন প্ৰতিযোগিতাত বিনিতা কান্দে তৃতীয় স্থান অধিকাৰ কৰে। দুয়োগৰাকী ছাত্ৰীৰ সাফল্যৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰাও অভিনন্দন জনোৱা হয়।