নিউজ ডেস্কঃ
অৱসৰ ল’বলৈ আগবাঢ়িছে মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰা। সকলো ঠিকে থাকিলে অৰোৰাৰ স্থলাভিষিক্ত হ’ব নির্বাচন আয়ুক্ত সুশীল চন্দ্র। ৫ ৰাজ্যৰ নিৰ্বাচনৰ মাজতেই, ১৩ এপ্রিলত সুনীল অৰোৰাৰ কাৰ্যকাল শেষ হ’ব।
শুক্রবাৰে মুখ্য নির্বাচন আয়ুক্ত হিচাবে তেওঁৰ অন্তিম সংবাদমেলত নিজেই এই কথা উল্লেখ কৰে অৰোৰাই। উল্লেখ্য, সুশীল চন্দ্র হৈছে ১৯৮০ চনৰ কেডাৰ, ভাৰতীয় ৰাজহ সেৱা বিষয়া। মহাৰাষ্ট্রৰ পিছত গুজৰাটত ডিজি (তদন্ত)ৰ দায়িত্ব পালন কৰিছে তেওঁ।