অজন্তা তালুকদাৰ,
বোকাখাতঃ
বোকাখাতৰ দীপাংকৰ দাস (৩০)ৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ৰহস্যজনকভাৱে মৃত্যু ঘটে। নুমলীগড়ৰ ধনশিৰি নদীত দীপাংকৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বোকাখাতৰ ম’হমাইকী গাঁও নিবাসী বিপিন দাসৰ পুত্ৰ দীপাংকৰ দাসৰ বিবাহৰ তাৰিখ হৈছিল আৰু বিবাহৰ যা-যোগাৰতো দীপাংকৰ ব্যস্ত আছিল বুলি জানিব পৰা গৈছে।
দীপাংকৰ দাস বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচন বিভাগৰ কনিষ্ঠ সহায়কৰ চাকৰিত অলপতে মকৰল হৈছিল। কিন্তু দীপাংকৰ শনিবাৰে কাৰ্যালয়ত নিজৰ কৰ্তব্য সমাপন হোৱাৰ পাছত ঘৰলৈ যোৱা উভতি যোৱা নাছিল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পৰলৈকে নিৰুদ্দেশ হৈ আছিল। দীপাংকৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু এই সন্দৰ্ভত বাতৰি লিখাৰ পৰলৈকে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।