ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ কার্বি আংলং জিলা গঠনৰ অন্যতম খনিকৰ, জননেতা প্রয়াত চেমচনছিং ইংতিৰ ৭৩ সংখ্যক মৃত্যুবার্ষিকীৰ দিনটোত আজি জিলাখনৰ বিভিন্ন প্রান্তত প্রয়াত জননেতাগবাকীক শ্রদ্ধা জনােৱা হয়। কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আজি ডিফু চহৰত পুৰণি আৰু নতুন দুয়ােখন চেমচনছিং ইংতি স্মৃতি উদ্যানতে থকা নেতাগৰাকীৰ প্রতিমূর্তিত মাল্যাপণ কৰি শ্রদ্ধা জ্ঞাপন কৰা হয়।
ইয়াৰ পিছতে প্রয়াত নেতাগৰাকীৰ সোঁৱৰণত এক সর্বধর্ম প্রার্থনা সভাৰো আয়ােজন কৰা হয়। এই উদ্দেশ্যে আয়ােজিত এক সভাত উপস্থিত কেইবাগৰাকী বিশিষ্ট লােকে জননেতাগৰাকীৰ জীৱন আৰু কর্মবাজীৰ ওপৰত আলােকপাত কৰি ভাষণ প্রদান কৰে।
বিশিষ্ট সাহিত্যিক লুনছে তিমুঙে ভাষণ প্রসংগত জীৱনৰ সর্বস্ব উজাৰি জাতিৰ বাবে সেৱা আগবঢ়াই যােৱা মহান নেতাগৰাকীৰ স্মৃতিচাৰণৰ দিনটোত সকলাে লােককে অংশগ্রহণ কৰাৰ বাবে আহ্বান জনায়।
চেমচনছিং ইংতিৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি কণ কণ ছাত্র ছাত্রীসকলৰ মাজত এক চিত্রাংকন প্রতিযােগিতাৰো আয়ােজন কৰা হয়। সন্ধিয়া ডিফুৰ দুয়ােখন চেমচনছিং ইংতি স্মৃতি উদ্যানত বক্তি প্রজ্জলন কৰি জননেতাগৰাকীলে শ্রদ্ধাঞ্জলি জনােৱা হয়। আনহাতে, কাৰ্বি ছাত্র সন্থাৰ উদ্যোগতাে আজি বােকাজানৰ ইষ্টার্ণ কাৰ্বি আংলং মহাবিদ্যালয়ত জননেতাগৰাকীৰ ৭৩ সংখ্যক মৃত্যুবার্ষিকী পালন কৰা হয়।
কার্যসূচী অনুসৰি আজি পুৱা চেমচনছিং ইংতিলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে ইষ্টার্ণ মহাবিদ্যালয় চৌহদত স্থাপন হ’বলগীয়া চেমচনছিং ইংতিৰ প্রতিমুর্তিৰ আধাৰশিলা স্থাপন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ অনিল চন্দ্র দাসে।
জননেতাগৰাকীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি নেতাগৰাকীব জীৱনী সম্পর্কীয় এক আলােচনা সভাত উপস্থিত থাকি কার্বি লাম্মেত আমেইৰ উপদেষ্টা বাৰিম ইংতি আৰু কার্বি ছাত্র সন্থাৰ উপদেষ্টা লাইচান ইংলেঙে ভাষণ আগবঢ়ায়।