ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰী ২০২১ ৰ পৰা ডিফু বেচিক ট্ৰেইনিং চেণ্টাৰত চলি থকা সদৌ অসম প্ৰাথমিক শিক্ষক -প্ৰশিক্ষক সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশন খনৰ আজি সফল সামৰণি পৰে ৷ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগতে সামূহিক চাফাই আৰু বৃক্ষ ৰোপন, অৱসৰী সদস্যৰ সম্বৰ্দ্ধনা, মুকলি সভা ও গ্ৰন্থ উন্মোচন ৷
সদৌ অসম বুনিয়াদী প্ৰাথমিক শিক্ষক -প্ৰশিক্ষণ সন্থাৰ সভাপতি তপন কুমাৰ হাজৰিকাৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাত গ্ৰন্থ উন্মোচন কৰে ৰহা, বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ডঃ নিৰলা দেৱীয়ে ৷
ইয়াৰোপৰি শণিবাৰে বিভিন্ন কাৰ্যসূচীৰ অন্তত বিয়লিৰ ভাগত বিষয়-বাছনি সভা অনুষ্ঠিত হয় ৷ বিষয় বাছনি সভাত তপন কুমাৰ দাসক সভাপতি আৰু কিশোৰ দাসক সাধাৰণ সম্পাদক হিছাপে লৈ এখন নতুন ১৬ জনীয়া সমিতি গঠন কৰা হয় বুলি ডিফু বুনিয়াদী প্ৰাথমিক শিক্ষক -প্ৰশিক্ষক কেন্দ্ৰৰ অধ্যক্ষ ধনছিং তিমুঙে জানিবলৈ দিছে ৷
লগতে আজিৰ মুকলি সভাত সন্থাৰ বিভিন্ন অভাৱ- অভিযোগ সন্থাক শক্তিশালী কৰাৰ বাবেও বিস্তৃত আলোচনা কৰা হয় বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে ৷