নিউজ ডেস্কঃ
পশ্চিম গুৱাহাটী সমষ্টিৰ ধাৰাপুৰ মজলী সমষ্টিত উত্তপ্ত পৰিস্থিতি। EVM ৰ ক্ষেত্ৰত চৰম গাফিলতি; আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মজলি এল পি স্কুলৰ ভোট কেন্দ্ৰৰ দুটাকৈ EVM নিৰ্বাচনৰ দায়িত্বত থকা বাহনত প্ৰত্যক্ষ কৰি সন্দেহ কৰে আৰু স্থানীয় লোকে প্ৰিজাইডিং বিষয়াৰ বাহন ঘেৰাও কৰে।
বাহনখনত ক’ৰ পৰা EVM আহিল বুলি প্ৰশ্ন উত্থাপন কৰি একাংশ উত্তেজিত ৰাইজে বাহনখন আক্ৰমণ কৰি ভাঙি পেলায়। স্থানীয় লোকে বহু ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে AS 01 GS 6035 নম্বৰ বাহনখন। একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত অৱশেষত শূন্য গুলীচালনা কৰি , লাঠিচার্জ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।