নিউজ ডেস্কঃ
চিনেমাৰ কাহিনীৰ যেন বাস্তৱত ৰূপায়ণ! নিজ পুত্ৰৰ লগতে কন্যাৰ বিবাহৰ প্ৰস্তুতি৷ কিন্তু বিয়াৰ আগমুহূৰ্তত জানিব পাৰিলে সেই সত্য৷ ঘূৰাই পালে হেৰাই যোৱা নিজ কন্যা৷ তাৰ পিছৰ কাহিনী আৰু ৰোমাঞ্চকৰ৷
বিয়াৰ দিনা পুত্ৰৰ হ’বলগীয়া বোৱাৰীক দেখি সন্দেহ হয় মাতৃৰ। অনুসন্ধান কৰি জানিব পাৰিলে, হ’বলগীয়া বোৱাৰী আচলতে তেওঁৰেই জীয়ৰী, যিগৰাকী হেৰাই গৈছিল বহু বছৰ পূৰ্বে। বিয়াৰ দিনা বোৱাৰাৰ হাতত এটি দাগ দেখি সন্দেহ হয় মাতৃৰ। ছোৱালীজনীৰ মাক-বাপেকক প্ৰশ্ন কৰে, তেওঁলোকৰ কন্যা সন্তানটি তোলনীয়া হয়নে নহয়।
ইয়াতে হতভম্ব হৈ যায় ছোৱালীজনীৰ পিতৃ-মাতৃ৷ কাৰণ এই সত্য তেওঁলোক দুজনৰ বাহিৰে আন কোনেও নাজানিছিল। প্রায় ২০ বছৰ পূৰ্বে ছোৱালীজনীক তুলি লৈছিল তেওঁলোকে। ছোৱালীজনীয়ে এই সকলোবোৰ জানিব পাৰি কান্দোনত ভাঙি পৰে আৰু তেওঁৰ আচল পিতৃ-মাতৃৰ বিষয়ে জানিব বিচাৰে। প্ৰকৃত মাতৃক লাভ কৰি বিয়াতকৈও বেছি আনন্দ লাভ কৰা বুলি জনায় তেওঁ।
পিছে ইমানতে কাহিনীৰ সমাপ্তি ঘটা নাই৷ ইয়াৰ পিছৰ কাহিনী আৰু ৰোমাঞ্চকৰ। ছোৱালীজনীয়ে সকলো জনাৰ পিছত নিজৰ ককায়েকৰ সৈতে বিয়াত বহিবলৈ আপত্তি জনায়। কিন্তু সমস্যাৰ সমাধান সূত্ৰ দিয়ে উক্ত মাতৃয়েই। তেওঁ জনায় যে তেওঁৰ পুত্ৰও তোলনীয়াই, সেয়ে বিয়া কৰোৱাত কোনো সমস্যা নাই। নিজ জীয়ৰীক বিচাৰি পোৱাৰ সকলো আশা নিৰ্বাপিত হোৱাৰ পিছত এই পুত্ৰ সন্তানটিকে তোলনীয়া হিচাপে লৈছিল তেওঁ। অৱশেষত বিয়াৰ অনুষ্ঠান সম্পন্ন হয় নির্বিঘ্নে। এই ঘটনাটো চীনৰ ছুজোকু প্রদেশৰ।