নিউজ ডেস্কঃ
দেশজুৰি বৃদ্ধি পাই আছে কৰোনা সংক্রমণ। তাৰ মাজতে এইবাৰ কৰোনাত আক্রান্ত হ’ল ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱৰ। কোভিড ১৯ ভাইৰাছত আক্রান্ত হোৱাৰ খবৰ নিজেই টুইট কৰি জনালে বিপ্লৱে দেৱে। ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱে টুইটত লিখিছে, ‘কৰোনা পৰীক্ষা কৰাৰ পিছত দেখা যায় ময়ো এইবাৰ কোভিড ১৯ ভাইৰাছত আক্রান্ত হৈছো। সম্প্ৰতি হোম আইছ’লেচনত আছো। চিকিৎসকৰ সৈতে আলোচনা হৈছে। তেওঁলোকৰ পৰমর্শ মানি ঘৰতেই আছো। ৰাজ্যবাসীৰ ওচৰত মোৰ অনুৰোধ, সকলোৱেই আদর্শ কৰোনা বিধি মানি চলক। মাস্ক পৰিধান কৰক, যথাসম্ভৱ ভিৰ এৰাই চলক।’
উল্লেখ্য, দেশৰ অন্যান্য ৰাজ্যৰ দৰে ত্রিপুৰাতো বৃদ্ধি পাইছে কোভিড আক্রান্তৰ সংখ্যা। ত্রিপুৰাত কৰোনা পৰিস্থিতি নিয়ন্ত্রণত ৰাখিবলৈ বদ্ধপৰিকৰ ত্রিপুৰা চৰকাৰ। কৰোনা অতিমাৰিৰ সৈতে যুঁজিবলৈ নাগৰিকসকলৰ টীকাকৰণ কাৰ্যসূচীও লোৱা হৈছে। ৰাজ্যত ১৫টা স্বাস্থ্যকেন্দ্রৰ পৰা সম্প্ৰতি চলিছে টীকাকৰণ কাৰ্যসূচী।