নিউজ ডেস্কঃ
শ্বহীদক লৈ বিতৰ্কিত মন্তৱ্য কৰা অপৰাধত গ্ৰেপ্তাৰ হোৱা লেখিকা শিখা শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা লেখিকা গৰাকীক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
বুধবাৰে আদালতত হাজিৰ কৰোৱা পাছত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে লেখিকা গৰাকীজ।উল্লেখ যে শ্বহীদক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছিল শিখা।
ইফালে আদালতত হাজিৰ কৰোৱা সময়ত সংবাদ মাধ্যমক উদ্দেশ্য কৰি তেওঁ কয়-তেওঁ মন্তব্য সংবাদ মাধ্যমে উপস্থাপন কৰিছে।তেওঁ শ্বহীদম অপমান কৰা নাই বুলিও লগতে কয়।