নগাঁওঃ
“বৰ্তমান সময়ত সকলো স্তৰৰ মানুহৰ মাজত হতাশাৰ পৰিমাণ বৃদ্ধি হৈছে । জীৱনত পোৱা-নোপোৱাৰ হিচাপ-নিকাচ, সাম্প্ৰতিক বিভিন্ন পৰিঘটনাক লৈ নানা হতাশাৰ উদ্ৰেক হৈছে । বৰ্তমানৰ পৰিৱেশ বহুতৰ বাবে হতাশাৰ কাৰণ হৈছে ।” কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজি অনুষ্ঠিত মানসিক স্বাস্থ্য সজাগতা কাৰ্যসূচীত এই মন্তব্য কৰে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডা: মনালী কাকতিয়ে ।
নগাঁও জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ উদ্যোগত কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত মনোৰোগ বিশেষজ্ঞগৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৃদ্ধি পোৱা বিভিন্ন হতাশা, ড্ৰাগছৰ প্ৰতি আসক্তি আদিৰ কথা দাঙি ধৰি এইবোৰৰ পৰা কিদৰে মুক্তি লাভ কৰিব পাৰি, সেই বিষয়ে মনোগ্ৰাহী বিশ্লেষণ আগবঢ়ায় । কাৰ্যসূচীত নৈদ্যানিক মনোবিজ্ঞানী গীতামণি বৰুৱাই বিস্তৃতভাৱে মানসিক ৰোগসমূহৰ ব্যাখ্যা দাঙি ধৰাৰ লগতে সেইবোৰৰ পৰা মুক্ত হোৱাৰ উপায়সমূহৰ বিষয়ে অৱগত কৰে ।
আনহাতে হতাশাৰ চৰম পৰিণতিয়ে কেতিয়াবা কাৰোবাৰ জীৱন নাশ কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে হতাশাৰ লক্ষণ প্ৰকাশ পালেই মনোৰোগ বিশেষজ্ঞৰ লগত কথা পতা উচিত । কথা পাতিলে বা আলোচনা কৰিলে বহুত সমস্যাৰে সমাধান হয় বুলি মন্তব্য দি মনোবিজ্ঞানীগৰাকীয়ে হতাশাত ভোগা সকলক চূড়ান্ত ভুল সিদ্ধান্ত লোৱাৰ পৰিবৰ্তে তাৎক্ষণিকভাৱে মনোৰোগ বিশেষজ্ঞ অথবা কোনো জ্যেষ্ঠ সুহৃদৰ লগত কথা পাতিবলৈ আৰু সমস্যাৰ নিৰাকৰণৰ প্ৰচেষ্টা কৰিবলৈ আহ্বান জনায় ।
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা কাৰ্যসূচীত মনোৰোগ সমাজসেৱিকা মণিমালা বৰায়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সমাজসেৱিকাগৰাকীয়ে
মানসিক ৰোগৰ বিভিন্ন উদাহৰণ দাঙি ধৰি মানসিক ৰোগমুক্তিয়ে এখন ঘৰ, এখন সমাজ সুন্দৰ কৰি তোলে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ-সতৰ্ক হৈ নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দিবলৈ অনুৰোধ জনায় ।
কলংপাৰ বিদ্যাপীঠৰ শিক্ষকসকল আৰু প্ৰথম বৰ্ষৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কোভিড প্ৰটোকল ৰক্ষা কৰি উপস্থিত থকা সভাত বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীন্দ্ৰকুমাৰ বৰুৱায়ো অভিজ্ঞতাৰ আধাৰত মনোৰোগ দূৰীকৰণৰ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। স্বেচ্ছাসেৱী অনুষ্ঠান চাইনৰ সহযোগত অনুষ্ঠিত সভাত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ তথ্য সংৰক্ষক অৱনীতা শইকীয়াই আৰম্ভণিতে জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ ওপৰত চমুকৈ আলোকপাত কৰে ।
আৰম্ভণিতে কলংপাৰ বিদ্যাপীঠৰ তৰফৰ পৰা মনোৰোগ বিশেষজ্ঞৰ দলটিক আদৰণি জনোৱা হয় । সজাগতা কাৰ্যসূচীত ড্ৰাগছৰ আসক্তি ক্ৰমশঃ বৃদ্ধি পোৱাৰ কথাও আলোচনা কৰা হয় । এই সৰ্বনাশী বৰবিহে কিদৰে জীৱন নিঃশেষ কৰিছে, তাৰ ব্যাখ্যা কৰি মনোৰোগ বিশেষজ্ঞ দলটিয়ে উঠি অহা প্ৰজন্মক সকলো সময়তে সজাগ সতৰ্ক হৈ এই সৰ্বনাশী আসক্তিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ।
এই ক্ষেত্ৰত শিক্ষক, অভিভাৱক সকলোৰে সচেতনতাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি ড্ৰাগছৰ কবলত পৰাজনক শুদ্ধ পথলৈ ঘূৰাই আনিবলৈ চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোকে অনুৰোধ জনায়। উল্লেখ্য যে নগাঁও চহৰত ড্ৰাগছৰ আসক্তি দিনে দিনে বৃদ্ধি পোৱাৰ সময়ত কলংপাৰ বিদ্যাপীঠৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰে ।