নিউজ ডেস্কঃ
বাৰম্বাৰ শ্ব’-কজ কৰিও কোনো লাভ নহ’ব বুলি বৃহস্পতিবাৰে প্রচাৰ সভাত মন্তব্য কৰিছিল মমতা বেনাৰ্জীয়ে। তাৰ পিছতেই পুনৰ তৃণমূল নেত্রীগৰাকীলৈ জাননী প্ৰেৰণ কৰিলে নিৰ্বাচন আয়োগে।
যোৱা ২৮ মার্চ আৰু ৭ এপ্রিলৰ প্রচাৰ সভাত কেন্দ্রীয় বাহিনীক উদ্দেশ্য কৰি কৰা মন্তব্যৰ বাবেই এই জাননী বুলি আয়োগৰ সূত্রত প্ৰকাশ। বৃহস্পতিবাৰে এই জাননী প্ৰেৰণ কৰা হৈছে তৃণমূল নেত্রীগৰাকীলৈ। শনিবাৰে পুৱা ১১টাৰ ভিতৰত উত্তৰ দিবলৈও কোৱা হৈছে।
উল্লেখ্য, কেন্দ্রীয় বাহিনীয়ে ভোটাৰসকলক ‘প্রভাৱিত কৰিছে’ বুলি আৰম্ভণিৰ পৰাই অভিযোগ তুলি আহিছে তৃণমূলে।
যোৱা ২৮ মার্চত পূব মেদিনীপুৰৰ চণ্ডীপুৰৰ সভাত সেই সন্দৰ্ভত মুখ খোলে মমতাই। তেওঁ কয়, ‘‘ছোৱালীসকলক ভোট দিবলৈ যাব দিয়া নাই কেন্দ্রীয় বাহিনীয়ে। ভাবুকি দিছে। তেওঁলোকক কোনে ইমান ক্ষমতা দিছে? বংগত যে তেওঁলোক আছে, তাৰ থকা-খোৱাৰ খৰচ আমি দিছো। আৰু ইয়াৰ মানুহকেই লাঠিৰে কোবাইছে?
কাৰ নির্দেশত কেন্দ্রীয় বাহিনীয়ে ভোটাৰসকলক মাৰধৰ কৰিছে জানো। এইবাৰ মাৰিবলৈ আহিলে হাতে-ভৰি বান্ধি বঁটি পেলাব মা-ভনীসকলে। বুথৰ পৰা বাহিৰ কৰি দিব আহিলে বিদ্রোহ কৰিব।’’ কেৱল ইমানেই নহয়, বিভিন্ন স্থানৰ বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ বিৰুদ্ধে সোচ্চাৰ হৈছে মমতা বেনাৰ্জী৷
এই ধৰণৰ মন্তব্য কৰি একাধিক ধাৰাত বংগৰ মুখ্যমন্ত্রীয়ে নির্বাচনী আচৰণ বিধি লঙ্ঘন কৰিছে বুলি মত নির্বাচন আয়োগৰ। আৰু তাৰ বাবেই বিগত দুটা দিনত এই সন্দৰ্ভত দ্বিতীয়বাৰ মমতালৈ জাননী পঠালে আয়োগে।