নিউজ ডেস্কঃ
দীর্ঘদিন হার্টৰ চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি হৈ থকাৰ পিছত কেইদিনমান পূৰ্বে প্রাসাদলৈ উভতিছিল। কিন্তু তাত আৰু বেছিদিন থকা নহ’ল। শুক্রবাৰে পুৱা উইণ্ডছৰ প্রাসাদতেই মৃত্যু হ’ল প্রিন্স ফিলিপৰ। বয়স হৈছিল ৯৯ বছৰ। লগে লগে ইতি পৰিল ৭৩ বছৰীয়া দাম্পত্য জীৱনৰ।
বাকিংহাম পেলেচৰ সূত্ৰ মতে, ৰাণীয়ে নিজেই স্বামীৰ মৃত্যুৰ কথা জনাইছে। টুইটাৰত লিখিছে, ‘গভীৰ বেদনাৰ সৈতে ৰাণীয়ে তেওঁৰ প্রিয় স্বামী ৰয়েল হাইনেছ প্রিন্স ফিলিপ, ডিউক অব এডিনবৰাৰ মৃত্যুৰ খবৰ ঘোষণা কৰিছে।’
ফিলিপ আছিল ব্রিটিছ নৌসেনাৰ কমাণ্ডাৰ।
অতি সোনকালে পদোন্নতি হৈছিল। কিন্তু পত্নীয়ে যাতে ভালদৰে মচনদ চম্ভালিব পাৰে তাৰ বাবে বিসর্জন দিছিল নিজৰ কেৰিয়াৰ। সুদীর্ঘ সাত দশক ধৰি আছিল পত্নীৰ কাষত ছাঁটোৰ দৰে। প্রাক্তন কমাণ্ডাৰজনক নিজৰ ‘শক্তি’ বুলিছিল ৰাণীয়ে। অৱশ্যে বিতর্কিত মন্তব্য আৰু কামৃকাজৰ বাবে প্রায়েই শিৰোনামত উঠিছিল ফিলিপ। পিছে নিপুণভাবে পৰিস্থিতি চম্ভালিছিল ৰাণী–পত্নীয়ে।
গ্রিচৰ ৰাজপৰিয়ালত জন্ম হৈছিল ফিলিপৰ। ১৮ মাহ বয়সতে পৰিয়ালৰ সৈতে দেশ এৰিবলৈ বাধ্য হৈছিল শিশু ফিলিপ। কাৰণ তেওঁৰ খুড়াক, তথা গ্রিচৰ ৰজাই নির্বাসন দিছিল তেওঁলোকক। ইয়াৰ পিছৰ পৰাই ফ্রান্সতে থাকিবলৈ আৰম্ভ কৰে তেওঁলোকৰ পৰিয়াল। ১৯৩৯ চনত এলিজাবেথৰ সৈতে প্রথম সাক্ষাৎ ফিলিপৰ। ১৯৪৭ চনত লণ্ডনত বিয়া হয় দুয়োৰে।
যোৱা নৱেম্বৰত ৭০তম বিবাহবার্ষিকী পালন কৰিছিল এই দম্পতিটোৱে। অৱশ্যে গোপনে। কৰোনাৰ পিছৰ পৰা তেনেদৰে বাহিৰলৈ ওলোৱা নাই ৰাণী আৰু ফিলিপ। জানুৱাৰী মাহত সস্ত্রীক টীকা লৈছিল। তাৰ আগতে ২০১৭ চনত ৯৬ বছৰ বয়সত নিজৰ ৰাজহুৱা কৰ্তব্যৰ পৰা ইস্তফা দিয়ে ফিলিপে। ডিচেম্বৰত প্ৰথম হস্পিটেলত ভর্তি হৈছিল। তাৰ পিছত ফেব্রুৱাৰীত অসুস্থ হৈ পুনৰ ভর্তি হয়। এইবাৰ ঘৰলৈ উভতিলেও শেষ ৰক্ষা নহ’ল।