নিউজ ডেস্কঃ
দেশৰ দৈনিক কৰোনা সংক্রমণ বিগত ৪ দিন ধৰি ১ লাখ অতিক্ৰম কৰি দৈনিক বৃদ্ধি পায়ে আছে। ১ লাখ ১৫ হাজাৰ, ১ লাখ ২৬ হাজাৰ, ১ লাখ ৩১ হাজাৰ, ১ লাখ ৪৫ হাজাৰ— বিগত ৪ দিনত এনেদেৰ বৃদ্ধি পাইছে দেশৰ কৰোনা আক্রান্তৰ সংখ্যা। কৰোনাৰ দ্বিতীয় ঢৌত আক্রান্তৰ উপৰি বৃদ্ধি পাইছে দৈনিক মৃত্যুৰ সংখ্যাও। তাৰ লগতে দেশত সক্রিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাই আছে।
বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ আক্রান্ত হৈছে ১ লাখ ৪৫ হাজাৰ ৩৮৪ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ১ কোটি ৩২ লাখ ৫ হাজাৰ ৯২৬ জন। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৭৯৪ জনৰ। ফলত দেশত ১ লাখ ৬৮ হাজাৰ ৪৩৬ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। সক্রিয় ৰোগীৰ সংখ্যাত বিপুল বৃদ্ধিয়ে নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে।
বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী বৃদ্ধি পাইছে ৬৭ হাজাৰ ২৩ জন। ইয়াৰ ফলত দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা হ’ল ১০ লাখ ৪৬ হাজাৰ ৬৩১ জন। দেশত এই সংখ্যক কৰোনা ৰোগী এইবাৰেই প্রথম। যোৱা বছৰ ১৮ ছেপ্টেম্বৰত দেশত সক্রিয় ৰোগীৰ সংখ্যা আছিল ১০ লাখ ১৭ হাজাৰ। তাৰ পিছৰ পৰা অলপ অলপকৈ কমিছিল। এই বছৰ ফেব্রুৱাৰীত সেয়া ডেৰ লাখৰ তললৈ নামিছিল। তাৰ পিছৰ পৰা বৃদ্ধি হৈ হৈ শনিবাৰে এই পর্যায়ত উপনীত হ’ল।