নিউজ ডেস্কঃ
পুনৰ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। আৰু সেয়ে পুনৰাই লকডাউনৰ ভয়ত কর্মস্থলীৰ পৰা ঘৰলৈ উভতিবলৈ আৰম্ভ কৰিছে প্ৰব্ৰজিত শ্রমিকসকল।
মহাৰাষ্ট্রততো পৰিস্থিতি সকলোতকৈ ভয়াৱহ। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থানত আংশিক লকডাউন আৰু নৈশ কাৰ্ফিউ জাৰি কৰা হৈছে। লোকমান্য তিলক টার্মিনাছত ৰে’লত তিলমানো স্থান নাই। এজন প্ৰব্ৰজিত শ্রমিকে কৈছে, ‘মোৰ ঘৰ উত্তৰ প্রদেশত। এই ৰে’ল গোৰখপুৰ পৰ্যন্ত যাব। আমি সকলোৱে কৰোনা আতঙ্কত ঘৰলৈ উভতিছো।’ আন এজন প্ৰব্ৰজিত শ্রমিকে কয়, ‘আমি য’ত কাম কৰিছিলো তাত ইতিমধ্যে নৈশ কাৰ্ফিউ জাৰি হৈছে। পুনৰ যদি যোৱা বছৰৰ দৰে লকডাউন হয়, সেই কাৰণেই মই ঘৰলৈ উভতিছো।’
ঝাৰখণ্ড চৰকাৰে জনাইছে প্রতিদিনে কেইবা শ প্ৰব্ৰজিত শ্রমিক ৰাঁচিলৈ উভতিছে। তেওঁলোক মহাৰাষ্ট্র, পঞ্জাব, দিল্লী আৰু তেলঙ্গনালৈ কাম কৰিবলৈ গৈছিল। মুম্বাই আৰু চুৰাটৰ পৰা প্ৰব্ৰজিত শ্রমিকসকল উভতিছে ওডিশালৈ। বহু কোম্পানীৰ মালিকসকলে আকৌ প্ৰব্ৰজিত শ্রমিকসকলক ঘৰলৈ ওভতাৰ নির্দেশো দিছে।