নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌত বেহাল ভাৰত। এই পৰিস্থিতিত দিল্লীত অনির্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হ’ল সকলো স্কুল। শুক্রবাৰে বিয়লি এক বৈঠকত এই সিদ্ধান্ত লয় দিল্লীৰ ৰাজ্যিক প্রশাসনে। বৈঠকৰ পিছত চৰকাৰী, বেচৰকাৰী সকলো স্কুল বন্ধ ৰখাৰ কথা টুইট কৰি জনাইছে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। আনহাতে, দিল্লীৰ এইমছত ৩২ জন কৰোনা আক্রান্ত হৈছে। ছাৰ গঙ্গাৰাম হস্পিটেলত আক্রান্তৰ সংখ্যা ৩৭ জন। দিল্লীৰ এইমছত কর্মৰত প্ৰায় ৩২ জন বিগত এটা সপ্তাহত কৰোনা আক্রান্ত হৈছে।
আক্রান্তসকলৰ ভিতৰত কেইবাজনো চিকিৎসকো আছে। বাকীসকল হস্পিটেলৰ চিকিৎসাকর্মী, যিসকল কৰোনা চিকিৎসাৰ সোতে প্ৰত্যক্ষভাৱে সংযুক্ত। আক্রান্ত ৩২ জনৰ ভিতৰত কেইবাজনেও টীকা লোৱা নাছিল বুলিও জানিব পৰা গৈছে। পাঁচজনক হস্পিটেলত ভর্তি কৰোৱা হৈছে। ইয়াৰ উপৰি দিল্লীৰ গঙ্গাৰাম হস্পিটেলত বিগত এটা সপ্তাহত ৩৭ জনৰ কৰোনা আক্রান্তৰ খবৰ পোৱা গৈছে।
আক্রান্তসকলৰ ভিতৰত বহুতেই কম বয়সীয়া আৰু বেছিভাগেই টীকা লৈছিলে। কিন্তু টীকা লোৱাৰ পিছতো তেওঁলোক কৰোনাৰ চিকাৰ হ’বলগা হ’ল। উল্লেখ্য, দিল্লীত বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্ত হৈছে ৭ হাজাৰ ৪৩৭ জন। এটা দিনত মৃত্যু হৈছে ২৪ জনৰ।