নিউজ ডেস্কঃ
গুৱাহাটীত দ্ৰুত হাৰত বৃদ্ধি পোৱা ক’ৰনা আক্রান্তক লৈ চিন্তিত জিলা প্ৰশাসন।ক’ৰনা প্ৰতিৰোধৰ বাবে জিলা খনত আৰম্ভ কৰা হৈ কভিড টেষ্ট।সমগ্ৰ জিলাখনক কেইবাটাও ভাগত ভাগ বিভক্ত কৰি ক’ভিড টেষ্ট আৰম্ভ কৰাৰ কথা সংবাদ মেলযোগে অৱগত কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।
উল্লেখ জিলাখনত ১০,৫০০ টেষ্ট কৰা নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।তাৰ ভিত্তিত জিলাখনৰ বিভিন্ন প্ৰতিষ্ঠাত কৰি থকা হৈছে টেষ্ট।টেষ্টত যদি কোনো লোকৰ কভিড ধৰা পৰে তেন্তে তৎকালীন ভাৱে তেওঁ সংস্পৰ্শলৈ অহা কমেও ৩০জনক পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা জনালে উপায়ুক্ত গৰাকীয়ে।
ক’ৰনাত আক্রান্ত চিকিৎসা বাবে গুমহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, কালাপাহাৰ হাস্পতাল, সোণাপুৰ অসামৰিক চিকিৎসালয় সাজু কৰা হৈছে।সোণাপুৰ হাস্পতালত ৭০ খন আইচলেচন বিচনা সাজু কৰি তোলা বুলি পেগুৱে লগতে কয়।
গুৰুত্বপূৰ্ণ এই যে কভিড নিয়ন্ত্ৰণৰ বাবে জিলাখনত মাক্স পিন্ধাটো বাধ্যতামূলক কৰা হব।যদি কোনো লোকে মাক্স পৰিধান নকৰে তেন্তে ৫০০-১০০০টকাকৈ ভৰিব লাগিব জৰিমনা।দুই এদিনতে প্ৰযোজ্য হব এই নিয়ম- পেগুৱে কয়।
তাপৰ্যপূৰ্ণ কথা এই যে উপায়ুক্ত গৰাকীয়ে কয়-ক’ভিড পৰিস্থিতি ৰোধ কৰা বাবে জিলাখনত ১৪৪ ধাৰা জাৰি কৰাৰো হব পাৰে।