নিউজ ডেস্কঃ
সোণাৰিত নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ। ধৰ্ষণ কাণ্ড সংঘটিত হোৱাত ছাত্ৰী গৰাকীৰ প্ৰাক্তন প্ৰেমিক জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে; এই অভিযোগৰ বশৱৰ্তী হৈয়ে বৰ্তমান সোণাৰি আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকক আটক কৰিছে। যোৱা ৭ এপ্ৰিলত চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত হাওঁফাওঁ গাঁৱৰ সমীপত এক নিৰ্জন ঠাইত পূৰ্বৰে পৰা ৰৈ থকা এখন মাৰুতি ভেনত প্ৰেমিক গৰাকী আন তিনিজন যুৱকৰ সৈতে বলপূৰ্বকভাৱে গাড়ীখনত উঠাই ছাত্ৰী গৰাকীক নামৰূপৰ ফালে লৈ যায়। ছাত্ৰীগৰাকীক কোনো ধৰণৰ পানীয় বস্তু খুৱাই অচেতন কৰি এডোখৰ ঠাইত তিনিও মিলি ধৰ্ষণ কৰে। কিন্তু নিশালৈ ছাত্ৰীগৰাকী ঘূৰি নহাত পৰিয়ালৰ লোকে ছাত্ৰী গৰাকীক লংপতীয়া ৰে’ল ষ্টেচনৰ সমীপৰ হাতীপুখুৰী গাঁৱৰ ৰে’ল লাইনত অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু লগে লগে চিকিৎসালয়ত ভৰ্তি কৰে।
ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক বিৱৰি কোৱাৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃয়ে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক আটক কৰাৰ লগতে আন দুজন যুৱকৰ সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত ৩৬৫/৩৭৬(ডি) ধাৰাৰ অধীনত ৭২/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মালৈ আনে।
ইপিনে মূল অভিযুক্তই ঘটনাটোত তেওঁ জড়িত নহয় বুলি দাবী কৰি তেওঁ উক্ত দিনা নাহৰকটিয়াত আলহী খাবলৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।