নিউজ ডেস্কঃ
ভাৰত বায়োটেকৰ কোভেক্সিন ব্রাজিল, ভাৰত আৰু ব্রিটেইনৰ প্রজাতিৰ বিৰুদ্ধে কার্যকৰী বুলি দাবী জনাইছে গৱেষণাই। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ (আইচিএমআৰ) আৰু নেচনেল ইনষ্টিটিউট অব ভাইৰোলজিৰ যৌথ গৱেষণাত এই তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে। সেই সংক্রান্তীয় ৰিপোর্টো প্রকাশ কৰিছে তেওঁলোকে।
গৱেষণাত দেখা গৈছে, ছাৰ্ছ-কভ-২ৰ ব্রাজিলৰ প্রজাতি বি.১.১২৮.২, ব্রিটেইনৰ প্রজাতি বি.১.১.৭ আৰু ভাৰতৰ প্রজাতি বি.১.৬১৭ৰ বিৰুদ্ধে সমানে কার্যকৰী কোভেক্সিন।
সম্প্রতি কোভেক্সিনৰ তৃতীয় পর্যায়ৰ ট্রায়েলৰ যি ফলাফল পোহৰলৈ আহিছে, তাত দেখা গৈছে সাধাৰণভাৱে এই টীকাৰ কার্যকাৰিতা ৭৮ শতাংশ। কিন্তু সংকটজনক ৰোগীৰ ক্ষেত্রত এই টীকাৰ কার্যকাৰিতা ১০০ শতাংশ।