নিউজ ডেস্কঃ
সমগ্ৰ দেশত কৰোনা সংক্রমণ বৃদ্ধিয়ে প্রভাৱ পেলাইছে আইপিএলতো। ফলস্বৰূপে আইপিএল স্থানান্তৰিত হ’ব পাৰে মুম্বাইলৈ। বাণিজ্য নগৰীত কৰোনাৰ প্রভাৱ কিছু কমা বাবে তাত থকা ৩টা ষ্টেডিয়ামত সুবিধা ল’ব বিচাৰিছে ভাৰতীয় ক্রিকেট বোর্ডে। সেয়ে দিল্লী আৰু আহমেদাবাদত চলি থকা লিগ মেচ স্থানান্তৰিত হ’ব পাৰে মুম্বাইলৈ।
ইফালে মুম্বাইত আইপিএল অনুষ্ঠিত কৰাৰ বাবে তাত হোটেলৰ সন্ধান কৰা আৰম্ভ কৰিছে বোর্ডে। এটা দিনত অনুষ্ঠিত হ’ব পাৰে দুখনকৈ মেচ। বোর্ডে বিচাৰিছে যিমান পাৰি সম্ভৱ সোনকালে আইপিএল শেষ কৰিবলৈ।