নিউজ ডেস্কঃ
কৰোনাৰ গ্রাসত আইপিএল। বিচিচিআইৰ ঘোষণা, সম্প্ৰতি স্থগিত ৰখা হৈছে আইপিএল। অৱশ্যে পুনৰ কেতিয়া অনুষ্ঠিত হ’ব সেই বিষয়ে একো জনোৱা নাই বোৰ্ডে। এজনৰ পিছত আন এজন ক্রিকেটাৰ কৰোনাত আক্রান্ত হোৱাৰ পিছত এই সিদ্ধান্ত লয় ভাৰতীয় ক্রিকেট বোৰ্ডে।
https://twitter.com/ANI/status/1389483311978876932/photo/1?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1389483311978876932%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Fipl-2021-tournament-suspended-by-bcci-due-to-coronavirus-dgtl%2Fcid%2F1279269
সংবাদ সংস্থা এএনআইক ৰাজীৱ শুক্লাই জনোৱা মতে, “এইবাৰৰ বাবে বাতিল কৰা হৈছে আইপিএল।” একাধিক ভাৰতীয় আৰু বিদেশী ক্রিকেটাৰে আইপিএল খেলিবলৈ ৰাজী নহয় বুলি জানিব পৰা গৈছে।
কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছ দলৰ ক্রিকেটাৰ আৰু সদস্যসকল কৰোনাত আক্রান্ত হৈছে। আজি জানিব পৰা মতে ঋদ্ধিমান সাহা আৰু অমিত মিশ্র কৰোনাত আক্রান্ত হৈছে। চেন্নাই দলে ইতিমধ্যেই ৬ দিনৰ বাবে কঠোৰ কোৱাৰেণ্টাইনত আছে। সূত্রৰ খবৰ মতে, এই মুহূর্তত আইপিএলৰ ৬টা দল কঠোৰ কোৱাৰেণ্টাইনত আছে।
উল্লেখ্য, প্রথমতে খবৰ ওলাইছিল মুম্বাইলৈ স্থানান্তৰিত কৰা হ’ব পাৰে আইপিএলৰ মেচ। কিন্তু অৱশেষত সম্পূৰ্ণভাৱেই স্থগিত কৰি দিয়া হয়। সূত্রৰ খবৰ মতে, ক্রিকেটাৰসকলক ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশ দিয়া হৈছে।