নিউজ ডেস্কঃ
কৰোনা সংক্রমণ নিয়ন্ত্রণলৈ আনিবলৈ লকডাউনৰ পথে ল’লে নীতিশ কুমাৰৰ বিহাৰ চৰকাৰেও। মঙ্গলবাৰে বিহাৰৰ মুখ্যমন্ত্রীয়ে টুইটাৰযোগে ঘোষণা কৰে যে আগন্তুক ১৫ মে’ পর্যন্ত বিহাৰত সম্পূর্ণ লকডাউন থাকিব।
টুইটাৰত নীতিশ কুমাৰে জনাইছে, ‘প্রশাসনৰ সকলো বিষয়া আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে বৈঠকৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে বিহাৰত অহা ১৫ মে’ পর্যন্ত লকডাউন কার্যকৰী কৰা হ’ব। লকডাউনৰ বিস্তাৰিত নিয়ম-নীতি দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ঘোষণা কৰিব। দুৰ্যোগ ব্যৱস্থাপনা বিভাগক ইতিমধ্যে ব্যৱস্থা হাতত ল’বলৈ কোৱা হৈছে৷’
উল্লেখ্য, বিহাৰতো দ্ৰুতগতিত সংক্রমণ বৃদ্ধি পাইছে। কেনেদৰে সংক্রমণ ৰুধিব পৰা যায়, সেই সম্পৰ্কে আলোচনাত বহিছিল নীতিশ কুমাৰৰ মন্ত্ৰীসভা। তাতেই লকডাউনৰ সিদ্ধান্ত লোৱা হৈছে। বিগত ২৪ ঘণ্টাত বিহাৰত নতুনকৈ কৰোনা আক্রান্ত হৈছে ১১ হাজাৰ ৪৭ জন৷