নিউজ ডেস্কঃ
একেৰাহে তিনি দিন দেশত কৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যাই চাৰি লাখ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ আক্রান্ত হৈছে ৪ লক্ষ ১ হাজাৰ ৭৮ জন। ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ২ কোটি ১৮ লক্ষ ৯২ হাজাৰ ৬৭৬ জন।
আক্রান্তৰ লগে লগে দেশত দৈনিক মৃত্যুও বাঢ়িছে বিগত কেইবা সপ্তাহত। শনিবাৰে মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ৪ হাজাৰ। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪ হাজাৰ ১৮৭ জনৰ। এটা দিনত মৃত্যুৰ হিচাবত এই সংখ্যা সমগ্ৰ অতিমাৰি পৰ্যায়ত সর্বোচ্চ।
ইয়াকে লৈ দেশত মুঠ মৃত্যু হ’ল ২ লক্ষ ৩৮ হাজাৰ ২৭০ জনৰ। আনহাতে, বৰ্তমান দেশত সক্রিয় ৰোগী আছে ৩৭ লক্ষ ২৩ হাজাৰ ৪৪৬ জন। দেশৰ ভিতৰত মহাৰাষ্ট্রতেই সক্রিয় ৰোগীৰ সংখ্যা চাৰে ৬ লাখৰো অধিক। কর্নাটকত চাৰে ৫ লাখৰ ওচৰত। কেৰালাতো ৪ লাখ অতিক্ৰম কৰিছে।
উত্তৰ প্রদেশত আঢ়ৈ লাখ, ৰাজস্থান আৰু অন্ধ্রপ্রদেশত প্রায় ২ লাখ। তামিলনাডু, পশ্চিমবঙ্গ, গুজৰাট, ছত্তীশগড়, হাৰিয়ানা, বিহাৰতো সক্রিয় ৰোগী আছে ১ লাখৰ বেছি।
এই পৰিস্থিতিতেই দেশত চলিছে টীকাকৰণ। বিগত ২৪ ঘণ্টাত দেশত টীকা লাভ কৰিছে ২৩ লক্ষ ৭৩ হাজাৰ ৪৮৬ জনে। ইয়াকে লৈ দেশত মুঠ টীকাৰ পালি দিয়া হৈছে ১৬ কোটি ৭৩ লাখৰো অধিক।