নিউজ ডেস্কঃ
ভাৰতলৈ অক্সিজেন উৎপাদনকাৰী প্লেন্ট প্ৰেৰণ কৰিছে ব্রিটেইনে। জানিব পৰা মতে, তিনিটা ১৮ টনৰ অক্সিজেন প্লেন্ট প্ৰেৰণ কৰা হৈছে, যাৰ এটাৰ উৎপাদন ক্ষমতা প্রতি মিনিটত ৫০০ লিটাৰ। লগতে একে সময়তে ৫০ জন ৰোগীয়ে অক্সিজেন পাব।
বিদেশ সচিব ডমিনিক ৰাবে প্ৰকাশ কৰা মতে, ‘নর্দার্ন আয়াৰলেণ্ডৰ ওচৰত থকা অতিৰিক্ত অক্সিজেন উৎপাদনকাৰী প্লেন্ট ভাৰতলৈ প্ৰেৰণ কৰা হৈছে। শুক্রবাৰে নর্দান আয়াৰলেণ্ডৰ ৰাজধানী বেলফাষ্টৰ পৰা তিনিটা প্লেন্ট আৰু ১,০০০ ভেন্টিলেটৰ লৈ ৰাওনা হৈছে বিশ্বৰ বৃহত্তম বিশেষ কাৰ্গো বিমান। দেওবাৰে পুৱা আহি উক্ত বিমান ভাৰতত উপস্থিত হ’ব।
তাৰ পিছত সেইবোৰ বিভিন্ন হস্পিটেললৈ প্ৰেৰণ কৰিব ভাৰতীয় ৰেড ক্রছ ছচাইটিয়ে।’
উল্লেখ্য, যোৱা মাহতেই ভেন্টিলেটৰ আৰু অক্সিজেন কনছেনট্রেটৰ পঠাইছিল ব্রিটেইনে। কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতক সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস দিছে ব্রিটেইনে। তাৰেই অঙ্গ হিচাবে এইবাৰ অক্সিজেন উৎপাদনকাৰী প্লেন্ট প্ৰেৰণ কৰিছে।