নিউজ ডেস্কঃ
বুধবাৰে পুৱাৰ পৰা মুম্বাইৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰত হোৱা প্ৰবল বৰষুণৰ ফলত বুধবাৰে নিশা মালাড এলেকাত এটি চাৰি মহলীয়া অট্টালিকা ভাঙি পৰে। ফলত এই পর্যন্ত প্রাণ গৈছে ১১ জনৰ। আহত হৈছে প্ৰায় ১৮ জন।
তেওঁলোকৰ ভিতৰত সাতজনৰ অৱস্থা সংকটজনক। ধ্বংসাৱশেষৰ তলত এতিয়াও বহু লোক আবদ্ধ হৈ থকাৰ আশঙ্কা কৰা হৈছে। উদ্ধাৰকার্য তীব্ৰ গতিত চলিছে।
বুধবাৰে নিশা ১১.১০ বজাত ঘটনাটি ঘটে। হঠাৎ এটি বিকট শব্দ শুনা পায় স্থানীয় লোকসকলে। লগে লগে ঘৰৰ বাহিৰলৈ ওলাই আহে তেওঁলোক।
ওলাই আহি দেখে ধূলিৰ চাদৰেৰে ঢাক খাই গৈছে সর্বত্র। কিছু সময়ৰ ভিতৰতে তেওঁলোকে বুজিব পাৰে যে এটি চাৰি মহলীয়া ঘৰ ভাঙি পৰিছে। তাৰ ফলত ওচৰত থকা এটি ঘৰো ভাঙি গৈছে। দুই–তিনিটা ঘৰৰ অৱস্থাও অতি বিপজ্জনক। লগে লগে খবৰ দিয়া হয় বৃহন্মুম্বই কর্পোৰেচনক। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে স্থানীয় লোকসকলে উদ্ধাৰকাৰ্য্য আৰম্ভ কৰি দিয়ে।
নিশাজুৰি উদ্ধাৰ অভিযান চলাই ধ্বংসস্তূপৰ পৰা ১১ জনৰ নিথৰ দেহ উদ্ধাৰ কৰা হয়। ১৮ জন আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে সাতজনৰ অৱস্থা যথেষ্ট সংকটজনক। আহতসকলৰ ভিতৰত শিশুও আছে। মহাৰাষ্ট্রৰ মন্ত্রী আছলাম শ্বেখে ৰাতিয়েই ঘটনাস্থলী পৰিদর্শন কৰে। অঞ্চলটোৰ আৰু তিনিটা অট্টালিকাক ‘বিপজ্জনক’ হিচাবে চিহ্নিত করৰিছে বৃহন্মুম্বই পৌৰ নিগম কর্তৃপক্ষই। তাৰ পৰা বাসিন্দাসকলক আঁতৰাই নিয়াৰ কাম চলিছে।