নিউজ ডেস্কঃ
প্রায় দুমাহ পিছত মঙ্গলবাৰে ১ লাখৰ তললৈ নামিছিল দেশেৰ দৈনিক কৰোনা সংক্রমণ। বুধ আৰু বৃহস্পতিবাৰে সেয়া কিছু পৰিমাণে বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ আক্রান্ত হৈছে ৯৪ হাজাৰ ৬২ জন। ইয়াকে লৈ দেশৰ মুঠ আক্রান্তৰ সংখ্যা হ’ল ২ কোটি ৯১ লক্ষ ৮৩ হাজাৰ ১২১। সংক্রমণ কিছু বাঢ়িলেও নিয়ন্ত্রণত আছে সংক্রমণৰ হাৰ। বিগত দুদিনৰ দৰে বৃহস্পতিবাৰেও সেয়া আছে ৫ শতাংশৰ তলত।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰা বুলেটিনত দৈনিক মৃত্যুৰ সংখ্যা দেখিলে চকু কপালত উঠিব পাৰে। তাত দেখুওৱা মতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৬ হাজাৰ ১৪৮ জনৰ। কিন্তু বুলেটিনত মৃত্যুৰ সংখ্যা ইমান বিপুল পৰিমাণৰ হ’লেও বাস্তৱত ইমান লোকৰ মৃত্যু হোৱা নাই বিগত ২৪ ঘণ্টাত।
এমাহমান পূৰ্বে দেশৰ দৈনিক মৃত্যু হৈছিল ৪ হাজাৰৰ বেছি। অৱশ্যে বিগত ২-৩ সপ্তাহ ধৰি সেয়া কমিবলৈ আৰম্ভ কৰে।
বিগত তিনি দিন ধৰি সেয়া দুই-আঢ়ৈ হাজাৰৰ ভিতৰতেই আছিল। বিভিন্ন ৰাজ্যত বিগত কেইটামান দিনত যিমান পৰিমাণৰ মৃত্যু হৈছিল, বৃহস্পতিবাৰেও সেই সংখ্যা তাৰ আশেপাশেই আছে। কিন্তু পৰিবর্তন হৈছে কেৱল বিহাৰত মৃত্যুৰ সংখ্যাত। বিহাৰত বিগত ২৪ ঘণ্টাত মৃত্যু দেখুওৱা হৈছে ৩ হাজাৰ ৯৭১ জনৰ। এই সংখ্যা বাদ দিলে দেশত দৈনিক মৃত্যু কিন্তু দুই হাজাৰৰ আশেপাশেই আছে।