অজন্তা তালুকদাৰ,
বোকাখাতঃ
আজি পুৱা বোকাখাতৰ প্ৰাক্তন বিধায়ক, অসম গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন মুখ্য উপদেষ্টা চাহ মজদুৰ সংঘৰ সম্পাদক শ্রমিক নেতা ভূপেন্দ্ৰ নাথ ভূঞাৰ সহধর্মিনী দিব্য ভূঞাৰ ৮২ বছৰ বয়সত নিজা বাসভৱনত পৰলোক হয়। সমাজকর্মী তথা প্রবীন সাংবাদিক দিবা ভূঞা আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল। বার্ধক্যজনিত কাৰণত মৃত্যু হোৱা দিব্য ভূঞাৰ পৰলোক গমনত বোকাখাতত শোকৰ ছাঁ পৰিছে।
১৯৩৯ চনৰ ২৫ আগষ্টত গোলাঘাটত জন্ম গ্ৰহণ কৰা দিব্য ভূঞাই গোলাঘাট ডি.আৰ. কলেজৰ পৰা প্ৰাক স্নাতক ডিগ্রী গ্রহণ কৰে। পাছত শ্রমিক নেতা ভূপেন্দ্ৰ নাথ ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেখেতে কিছুবছৰ লেটেকুজান, ৰজাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত প্রধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাছত আসাম ট্রিবিউন, নর্থ-ইষ্ট টাইমছ্ ৰ বোকাখাতৰ সংবাদদাতা হিচাপেও সেৱা আগবঢ়াইছিল। বোকাখাত কেন্দ্রীয় মহিলা সমিতিৰ উপ-সভানেত্রী হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল দিব্য ভূঞাই।
তদুপৰি সন্ধানী লেখিকা সমাৰোহ সমিতিকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত দিব্য ভূঞা অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘ, বোকাখাত নগৰ সাৰ্বজনীন নামঘৰৰ লগতো জড়িত আছিল দিব্য ভূঞা। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেখেতৰ ঘৰত বহু লোকৰ সমাগম হয়। ক’ভিড প্ৰট’কল ৰক্ষা কৰি শোকাকুল ৰাইজে শেষ শ্রদ্ধা জ্ঞাপন কৰে।
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, বোকাখাতৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত পুৱতি সাহিত্য সভা, মহকুমা পালনাম সমিতি, বোকাখাত নাট্যমন্দিৰ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত প্ৰেছ ক্লাৱ, জ্যেষ্ঠ নাগৰিক সন্মিলনী, ইমজা, কাজিৰঙা নিউজ নেটৱৰ্ক আদি সংগঠনসমূহে শেষ শ্রদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ভূঞাই পুত্র, কন্যা, জী-জোঁৱাই, বোৱাৰী তথা বহু আত্মীয় কুটুমক এৰি থৈ গৈছে।