অজন্তা তালুকদাৰ,
বোকাখাত
দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উদ্যোগত যোৱা ইংৰাজী ৮জুনত “নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানত গ্ৰন্থাগাৰ স্থাপনৰ প্রক্ৰিয়া , বিভিন্ন দিশ আৰু প্ৰত্যাহ্বান” শীৰ্ষক এক মনোজ্ঞ ৱেবিনাৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়ায়।
মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক নীলাক্ষী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ক্ৰমে ড° ধ্ৰুৱজ্যোতি দলে, হেমন্ত শৰ্মা তামুলী আৰু প্ৰিয়ংকা বৰুৱাই সমল ব্যক্তি সকলৰ চমু পৰিচয় ডাঙি ধৰে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে অসম বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° মুকুট শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° তিলক হাজৰিকা আৰু নাজিৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মা।
ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই তেখেতৰ কৰ্ম জীৱনৰ ২৫ বছৰীয়া অভিজ্ঞতাৰ পৰা মহাবিদ্যালয় এখনত গ্ৰন্থাগাৰ এটা আৰম্ভণিৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু এই ক্ষেত্ৰত ল’ব লগীয়া বাস্তৱধর্মী কৰ্মসূচী সম্পৰ্কে মনোগ্ৰাহী ভাষণ আগবঢ়ায়। আন এগৰাকী সমল ব্যক্তি ড° মুকুট শৰ্মাই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ডিজিটেল লাইব্ৰেৰী কেনেকৈ গঢ়ি তুলিব পাৰি সেই সম্পৰ্কে এক সময়োপযোগী আলোচনা আগবঢ়ায়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° তিলক হাজৰিকাই সেউজ গ্ৰন্থাগাৰৰ ধাৰণা সম্পৰ্কে এক বিস্তৃত আলোচনা কৰাৰ লগতে কেনেকৈ পিছপৰা অঞ্চল সমূহত বিশ্বমানৰ অধ্যয়ন সমল যোগান ধৰি এক প্ৰতিযোগিতামূলক পৰিৱেশ নিৰ্মাণ কৰিব পৰা যায় সেই সম্পৰ্কে এক গঠন মূলক বাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে অনলাইন আলোচনাচক্ৰ খনৰ বাবে দেশৰ প্ৰায় ১২৭খন শিক্ষানুষ্ঠানৰ ২৭৫ গৰাকী ব্যক্তিয়ে নাম পঞ্জীয়ন কৰে।
অনুষ্ঠানৰ শেষত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° ব্ৰজেন শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানটিৰ শেষত অংশগ্ৰহনকাৰী ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱক সমাজ আৰু সমল ব্যক্তি সকলে মহাবিদ্যালয়ৰ বৌদ্ধিক উত্তৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰাৰ লগতে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মহাবিদ্যালয় পৰিয়ালৰ শলাগ লয়।