স্বাস্থ্য প্ৰতিবেদন:
গাখীৰ হ’ল একমাত্র বস্তু যি প্রত্যেকৰ খাদ্য তালিকাত অন্তুর্ভুক্ত থকা উচিত। গাখীৰৰ বিভিন্ন গুণৰ কথা আমি সকলোৱে প্ৰায় জানো। কিন্তু আমি গৰুৰ গাখীৰ নে ম’হৰ গাখীৰ খাম, সেই বিষয়ে কিছু জানো আহক।
গৰু আৰু ম’হৰ গাখীৰৰ পার্থক্য চাওঁ আহক :
ফেট– গৰু আৰু ম’হ উভয়ৰে গাখীৰত কিছু শতাংশ ফেট থাকে। কিন্তু এই দুয়োটাৰে মাজত তুলনা কৰিলে দেখা যায় গৰুৰ গাখীৰত ম’হৰ গাখীৰৰ তুলনাত বহু কম ফেট থাকে।গৰুৰ গাখীৰত ফেটৰ পৰিমাণ ৩-৪ শতাংশ, কিন্তু ম’হৰ গাখীৰৰ ক্ষেত্রত তাৰ পৰিমাণ ৭-৮ শতাংশ।
পানী– শৰীৰৰ হাইড্ৰেচনৰ মাত্রা সঠিক ৰাখে শৰীৰত থকা পানীয়ে আৰু সেই ক্ষেত্রত গৰুৰ গাখীৰত প্রায় ৯০ শতাংশ পানী থাকে। গতিকে যদি আপুনি সমগ্ৰ দিনৰ বাবে নিজকে ভালে ৰাখিবলগা হয় তেন্তে দিনৰ আৰম্ভণিতে গৰুৰ গাখীৰ খোৱাটো উপকাৰী।
প্রোটিন– আচলতে সকলো দুগ্ধজাত সামগ্ৰীতে কম-বেছি পৰিমাণে প্রোটিন আছে। তেনে ক্ষেত্রত ম’হৰ গাখীৰত প্রোটিন গৰুৰ গাখীৰতকৈ ১০-১২ শতাংশ বেছি। সেইবাবেই শিশু আৰু বয়স্কসকলে ম’হৰ গাখীৰ খোৱাটো উচিত নহয়।
কোলেষ্টেৰল– উভয় প্ৰকাৰৰ গাখীৰতে ফেট আৰু প্রোটিন থাকিলেও কোলেষ্টেৰলৰ ক্ষেত্ৰত ম’হৰ গাখীৰ উত্তম। অর্থাৎ ম’হৰ গাখীৰত গৰুৰ গাখীৰৰ তুলনাত বহু কম কোলেষ্টেৰল আছে।
পুষ্টি– ম’হৰ গাখীৰত কেলচিয়াম, ফছফৰাছ আৰু মেগনেচিয়াম আৰু পটাচিয়াম আছে। কিন্তু ভিটামিন পোৱা যায় গৰুৰ গাখীৰৰ পৰাই।গতিকে উভয়েই পুষ্টিগুণেৰে পূর্ণ, কিন্তু কোনবিধ খাব সেইটো আপোনাৰ সোৱাদৰ ওপৰত নির্ভৰ কৰে।