নিউজ ডেস্কঃ
বিগত ৩ দিন ধৰি ৯০ হাজাৰৰ বেছি হৈ থকাৰ পিছত শনিবাৰে দেশৰ দৈনিক কোভিড সংক্রমণ নামিল ৮৫ হাজাৰৰ তললৈ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনা আক্রান্ত হৈছে ৮৪ হাজাৰ ৩৩২ জন ।
ইয়াকে লৈ দেশত মুঠ আক্রান্ত হ’ল ২ কোটি ৯৩ লক্ষ ৫৯ হাজাৰ ১৫৫ জন। কিন্তু সংক্রমণ কমিলেও কমা নাই দৈনিক মৃত্যু। বিগত ২৪ ঘণ্টাত মৃত্যু পুনৰ ৪ হাজাৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪ হাজাৰ ২ জনৰ। ইয়াকে লৈ দেশত মুঠ মৃত্যু হ’ল ৩ লক্ষ ৬৭ হাজাৰৰো বেছি।
মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে দেশৰ সংক্রমণৰ হাৰ নিয়ন্ত্রণতেই আছে। বিগত ৫ দিন ধৰি দেশৰ সংক্রমণৰ হাৰ ৫ শতাংশৰ তলত আছে। দেশত বৰ্তমান সক্রিয় ৰোগীৰ সংখ্যা ১১ লাখৰ তললৈ নামিছে।